Ingredients(প্ৰয়োজনীয় সামগ্ৰী):

1.Bread (ব্ৰেড)
2.Amul chees (আমুল চিজ) (Optional)
3.Pizza sauce ( পিজা চছ)(optional)
4.Tomato (বিলাহী)
5.Capsicum (কেপচিকাম)
6.Onion (পিয়াজ)
7.Greenchilli (কেচাঁ জলকীয়া)
8.Cumin powder(জিৰা গুৰি)
9.Coriander powder(ধনীয়া গুৰি)
10.Red chilli powder(জলকীয়া গুৰি)
11.Garam masala(গৰম মছলা)
12.Salt(নিমখ)
Process(প্ৰণালী): প্ৰথমে চব্জীখিনি সৰু সৰুকৈ কাটি লৈ কম পৰিমানে মছলা আৰু নিমখ সানি ল’ব ৷ তাৰলগতে চিজ কিউব খিনি ৰুকি দিব ৷ চিজ নিদিলেও খাবলৈ সোৱাদ হয় ৷ থাকিলে দিব পাৰে ৷ এতিয়া ব্ৰেডকেইখনত পিজা চছ সানি ল’ব ৷ পিজা চছ নাথাকিলে সাধাৰনতে ব্যৱহাৰ কৰা চছ ও দিব পাৰে ৷ এতিয়া ব্ৰেডকেইখনত চিজৰ চিলাইজ এখন দি ল’ব ৷ এইটোও Optional ৷ তাত চব্জীৰ মিক্স খিনি দি আৰু এখন ব্ৰেড দি অলপ হেচি দিব ৷ এতিয়া কেৰাহি খন গৰম কৰি তাত ঘিঁউ বা বাটাৰ দিব ৷ গেছটো চিমত ৰাখিব ৷ এতিয়া তাত ব্ৰেড কেইখন দি অলপ ঢাকি লুটিয়াই আকৌ ঢাকি দিব ৷হৈ গ’ল আপোনাৰ sandwich ৷ কেৰাহিৰ খলনি আপুনি মাইক্ৰোৱেভ বা sandwich maker ত ও বনাব পাৰে ৷